Assamese Poems/ অসমীয়া কবিতা/ Best Assamese poem collection/ New Assamese poem lyrics/ best Assamese poem Collection
Assamese Poems/ অসমীয়া কবিতা/ Best Assamese poem collection/ New Assamese poem lyrics/ best Assamese poem Collection
Some awesome assesom
অপেক্ষা
বাটৰ কাষৰ বানান নোৱৰা অবাধ্য কচুগছত
কেঁচা লেকেচিৰ সাৰৌপ সাৰৌপ
তুমি হৈছিলা মুগ্ধ পৰিদৰ্শক
মাষ্টৰ নহ'লো,
হ'লো কবি নিষ্কর্মা
তোমাৰ ওঁঠৰ ফাঁকত দুলালেৰ তালমিচিৰিৰ কণা
জীৱনৰ প্ৰথম চুমাৰ স্মৃতি হৈ ৰ'ল মিঠা
সফল প্রেমিকো নহ'লো
হ'লো পতি আন কাৰোবাৰ মৰমৰ
তোমাক মই এৰি আহিছিলো
নে তুমি মোক এৰি গৈছিলা
এতিয়াও অমীমাংসিত সেই একেটি প্রশ্ন
ছিগা সুঁতি এটাৰ পাৰত বহি ৰৈ আছো
হেনো অপেক্ষাৰ ফল মধুৰ
মৃত্যু কি মধুৰ
অপেক্ষাৰ অন্ত পৰিলে জানিম মধুৰ কি
---প্রকল্প ৰঞ্জন ভাগৱতী
জোতা
জোতা এযোৰ কিমিন বুলি
কিনিব নোৱৰাৰ দুখ
হাকিমৰ জীয়েকৰ
অনুভৱৰ বাহিৰত
ছাই বৰণীয়া গধূলি
ৰঙা-নীলা লাইটৰ পোহৰত
মানুহবোৰৰ চকু
ছিঙা জোতাৰ ওপৰত
তেওঁলোকলৈ পুতৌ জাগিছিল
ভিতৰি ভিতৰি উত্ৰাৱলৰ খলকনি
লিৰিকি পিটিকি চোৱাৰ
নতুন জোতক
ফিতাডাল ছিঙাব দিনা
তাই অলপ বিমোৰতে পৰিছিল,
জোতা জীৱননে
সন্মানৰ পৰিপূৰক !
নতুন জোতা এযোৰ পিন্ধি
চোৱাৰ উন্মদনা
অলীক সপোন
হাকিমৰ জীয়েকৰ
অনুভৱৰ বাহিৰত
নতুন জোতা কিনিব নোৱৰাৰ দুখ।
----- মালতী গুৰুং
প্রহেলিকা
ক্রমশঃ চৰাইবোৰ ভয়ত বিহ্বল হৈ যেতিয়া উৰি যায় গছবোৰে কান্দে
ধোঁৱাই যেতিয়া আকাশ আৱৰে
মানুহৰ চকুৱেদি তেজ নিগৰে
ক্রমে তই-তই মই-মই খেলবোৰ বাঢ়ি আহে
ঘাঁহ আৰু মাটিৰ তুলিকাত তেজৰ চিয়াঁহীৰে অঁকা হয় ছবি।
ক্রমশঃ
নদীবোৰ উভতি বয় বালিত নাও চলে
বাটবোৰ পিছল হৈ পৰে পিতল চকুৱাই সন্তর্পণে আগবাঢ়ে
সাগৰৰ উচ্চতা বৃদ্ধিউ মাটিবোৰ টুটি আহে
কি যে প্রহেলিকা চৌদিশে কালীয়া নাগৰ পয়োভৰ
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ
শিপাবোৰক উঘালি পেলোৱাৰ তাড়নাত
মই মোক নিচিনো কুহেলিকাৰ মাজেদি গতি কৰো
চৰাইদেউ মৈদামত ৰখীয়াই ক'লে— নিজকে পাহৰিছা কিয় বুৰঞ্জীৰ পাত লুটিয়াই এবাৰ চোৱা
-------গীতাঞ্জলি বৰকটকী
নিঃসংগ
চকুপানীৰে সজীৱ হৈছিল
কাঠফুলাবোৰ
শিপাবোৰ বিয়পিছিল বুকুলৈ
আৱেগ নামৰ মাটিখিনিয়ে
হেৰুৱাইছিল উৰ্বৰতা
মনৰ আকাশত নামিছিল ফাগুন
ওহো, ৰঙা নহয়
ধূসৰিত ফাগুন
তৰাবোৰলৈ চাই
নিঃসংগতা ঢাকিব পৰাকৈ
জাগিছিল হেঁপাহ
------নীলাঞ্জনা পাঠক
ই
সৰ্বত্ৰ বিয়পি পৰা ই এটা অদ্ভুত গোন্ধ, মঙহৰ দৰে।
ইয়াৰ গোন্ধ পাই কোনোৱে সন্তানহঁতক সাবটি ধৰে,
কোনোৱে ওকালিয়াই, বঁতিয়ায়।
ই অন্ধবিশ্বাস আৰু অতিকথা ভেদ কৰি ওলাই অহা
জিম কৰবেটৰ কাহিনীৰ নিচিনাও নহয়।
ই ৰহস্যময় আৰু ভয় লগা। দৃশ্যমান নহয় কিন্তু সক্রিয়
অনুমান কৰা হয় ই মায়াবী, বহুৰূপী, ভেশচনপ্রিয় আৰু দুৰ্দান্ত।
ডাইনোচ’ৰৰ খোজত কঁপি উঠা ভূমিতলৰ দৰে
ইয়াৰ খোজৰ শব্দত বুকুবোৰ ধপ্ধপাই আৰু
কঁপি উঠে। ইয়াৰ আগমনৰ কথাটো সঁচা কিন্তু
ক’তো খোজৰ চাপ ধৰা নপৰে।
ই হামিয়াই আৰু বিয়পি পৰে পচা মঙহৰ গোন্ধ
ক'ব নোৱৰাকৈয়ে আমাৰ শৰীৰবোৰ শুকান হৈ পৰে।
ই জাঁপ মাৰি দৌলতগিৰি বগায়,
টিঙত বহি চিকাৰৰ বাবে চোপ লয়।
ইয়াক বিচাৰি আমি হাবি-বন চলাথ কৰো
সপক্ষে অথবা বিপক্ষে নিজৰ ভিতৰতে
বাক-বিতণ্ডাত লিপ্ত হওঁ। ই ডাঙৰকৈ উগাৰ মাৰে
সৰ্বত্ৰ বিয়পি পৰে কেঁচা মঙহৰ গোন্ধ,
পচা মঙহৰ গোন্ধ
মঙহ পোৰা গোন্ধ
------ দিলীপ ফুকন
নদীপ্ৰিয় গাভৰুৰ স’তে অস্থিৰ দুপৰীয়া
তোমাৰ কাষত বহিলে এটা টৌশালী নিজৰাৰ পাৰত
বহি থকা যেন লাগে
বৰষুণৰ সঘন স্পর্শৰ বাবে কজলা হোৱা অৰণ্যৰ ফলৰ দৰে
শইচ চপোৱাৰ টনা-আঁজোৰা সময় আৰু প্ৰেমপ্রধান ঐনিতমৰ
গভীব হেঁচাৰ বাবে
তোমাৰ পিঠিত গজি উঠিছে শৈলুৱৈৰঙী ময়লাৰ ঘাঁহ
আহা, সৌ ব’দপ্লাবিত বালিচৰত বহোগৈ
চাবা, চাবা তীক্ষ্ণ তিৰবিৰ পাতৰ লতাই কাটি তেজ নিগৰাব
গা ধুবা? আহা, কোনো তিৰোতাই এতিয়াও ঘাটলৈ অহা নাই
তোমাৰ হাতৰ তলুৱা আৰু পিঠিত গজি উঠা সুমিষ্ট ময়লাৰ
সৌৰভ বিয়পি ধন্য হওক সোৱণশিৰিৰ ম্রিয়মাণ জলৰাশি
তুমি হাঁহিলে ক্লান্তিৰে মাছবোৰ তৰংগ ভাঙি জঁপিয়াই উঠে
শোক আৰু বিষাদে হৃদয়ৰ ভিতৰেদি যি সুৰংগ নিৰ্মাণ কৰিছিল
তুমি হঁহাৰ পিচত সেই সুৰংগজুৰি কেৱল জোনাক জোনাক
তুমি জানানে নাজানা ইমানবোৰ ভালপোৱাৰ নাৱত উঠাৰ
পিচতো
ভালপোৱাৰ সিপাৰৰো সিপাৰত গঢ়ি উঠা চাপৰিৰ
ধোঁৱা ভালপোৱা এটা শয়কলিয়ে
কেনেকৈ ৰিঙিয়াই মাতি আছে মোক
যেনেকৈ এই নদীৰ সিপাৰৰো সিপাৰৰ অজস্ৰ নদীৰ
খ্যাতিমান নাৱৰীয়াৰ নিপুণ ব’ঠাই
মোক অহৰহ চপ্চপীয়া কৰি ৰাখে
ধেমালিব ফর্মুটিৰে অনেকবাৰ সৰাইছো
তোমাৰ ওঁঠৰ উপত্যকাত লাগি থকা কথাৰ আপোল
যি আপোল হৃদয়ৰ জোনাক আৰু কুঁৱলীমিশ্রিত জলবায়ুৰ
উন্নত উচ্চাৰণ
তুমি সৰিয়হ তুলি উভতিলে সন্ধিয়া
দুখৰ গেদ পৰি পৰি ওখ হৈ অহা বুকুৰ শিলাখণ্ডত
আছাব থাই পৰে সাগৰৰ অজস্র জলচ্ছটা।
---------যোগেন টাইদ
খোজ
বে’লব উকিটো নৌ শুকাওঁতেই
ধোঁৱা ধাতুত ভাঁজ দিবলৈ
কবিৰ হাতুৰীৰ দৰকাৰ নাই
কিছুপৰ ভাহি থাকি
ধোৱা ধাতুও হেৰায়
দৰবত দিবলৈও পাবলৈ নাই
ধোঁৱা কুঁৱা খন্দা
নহয় কবিব কাম
ৰেলখন আগুৱাই যায়
কবি সেইখন বে'লবে যাত্রী
পিচলৈ ঘূৰি যোৱা কল্পকায়া
কবি নহয়
বিধ বিধ কোহালত ভৰ দি
বেলৈ বাট লয় দুই ছিবিব
নীৰৱতা তীখা কাটি কাটি
কবিয়ে কি কৰে।
বেসুৰ বেং কৰে
কবিয়ে কি কৰে
খুব বেছি কচুক ঢেঁকীয়া
ঢেঁকীয়াক কচু কৰে
কবিয়ে সময় বন্ধুক কয় এটা
সময় বন্ধুৱে শুনে আন এটা
এইডাল ফটা বাঁহ জোৰাবলৈ
ধোঁৱাই থকা গধূলিয়েই পাবে
ধোঁৱা খোৱা কবিলৈ
পাহৰি যাওক
------ অনুভৱ তুলসী
আজি কিছুদিন
আজি কিছুদিন ধৰি
মোৰ চকু দুটাত জাল বান্ধিছে
বৃদ্ধ চকুহাল
মই যে ঠিকেই দেখিছো সকলো তোমাৰ
শুনিছো মৃতদেহাবাৰ আজিকালি
কান্ধত উঠি নাযায়
শ্মশানলৈ কিন্তু যায়
চকু দুটা মুদিলেও দেখি থাকো
গুণগুণাই শুনো
অন্ধ বজাৰ বিলাস আবাস
তুমি তুই জুই বুকুত জ্বলালা
জ্বলি থাওক দিয়া
গলি যাওক তোমাৰ কলিজাৰ তেজ
টেটুফলা চিঞৰটো তোমাৰ নহয়।
চিঞৰটো তোমাৰ আজুককাৰ আছিল
সেই তাহানিতে
পৈতৃক সূত্রে ই আহি আছে
মৃতদেহ গচকি
পাৰ হৈ যোৱা খোজবোৰ তোমাৰ নে
মৃতদেহবোৰ বাৰু কাৰ
তুমি যে অন্ধ বোবা সৈনিক।।
-------বিজয় ৰবিদাস
ৰক্তিম সুৰধ্বনি
ইমান বিশাল এখন আকাশ
কেতিয়াও দেখা নাছিলো।
সম্ভৱা অৰণ্যৰ দৰে ৰহস্যময়ী আছিল।
সেই প্ৰসাৰতা
পাহাৰৰ দৰে ঘনশ্যাম ডাৱৰৰ দালান
বৰ্তুল বতাহৰ চাকনৈয়াত উটি
মিহি জোনাকৰ পথাৰত
একা-বেঁকা আলি হৈ বিলীন হোৱা
এক সাঁথৰৰ শেষত
সেয়া আছিল নীল গৰল কুত্তৰ
অমৃত সন্ধান
বিশালতার সীমা পাৰ হৈ
সেই অচ্যুত আকাশৰ লালিমাই
দৃশ্যটো ক্ৰমাৎ অতুল কৰি আনিছিল
সেই ছায়াস্নাত গভীৰতাৰ মায়ামণি
আন্ধাৰ পোহৰৰ অবিনশ্বৰতাৰ সুৰংগ ধয়াই
ভাহি অহা সেই বক্তিম সুৰধ্বনি
সেই আপ্লুত লহমা
হে আকাশ হে অৰণ্য
হে শুকুলা নিঃসীমত্তা
আহিলেই এই বর্ণময়ী স্বকীয়তাৰ
অমল প্রস্তাৱনা।
------অনুপম চৌধুৰী
ক’ত সিঁচিবা ধান ক’ত পেলাবা পতান
জীৱনৰ অৰ্থবোৰৰ অনৰ্থৰ অৰ্থ
এতিয়াও আমি উদ্ধাৰ কৰিব পৰা নাই
খেতিয়কবোৰৰ দাঙি ৰখা হাতবোৰৰ
সিৰামুৰি ভঙা নাই
এতিয়াও শুকুৱা নাই
দুখৰ ৰাতিৰ চকুলোৰ জুৰিবোৰ
শাৰী শাৰী চিতা জুই
নুমুৱা নাই
আমাৰ ভাত-কাপোৰৰ চিন্তা
শেষ হোৱা নাই এতিয়াও
দলং এখনৰ সপোন
তাৰ পাচতো আমি
সভা-সমিতি পাতি আছো
আয়োজন কৰি আছো জয়-পৰাজয়ৰ উৎসৱ
অ' হৰি
অ'ৰাম
কোৱাচোন কোনোবাই
সকলোবোৰ উৎসৱৰ শেষত
ক'ত সিঁচিবা ধান
কত পেলাবা পতান।
----------বিমান কুমাৰ দলে
কলা-কৌশল
শাকনি বাৰীৰ চুকৰ পঁজাঘৰটোত আকাশ-পাতাল ভাব
নীৰৱে অকলে বহি আছো।
বাৰে বাৰে আকাশলৈ
মূৰ তুলি চাই আছো।
খৰাঙৰ ভয়াৱহ উত্তাপত
ম্রিয়মাণ পথাৰৰ শইচ।
ক'ৰবাত যেন আশাৰ ৰেঙনি
আকাশত দেখা পাইছো
পশ্চিমৰ পৰা ডাৱৰৰ ওভতনি যাত্রা বতাহজাকো থিৰে ৰৈ থকা
নাই মৃদু অলপ চেঁচা সমীৰত নাচি-বাগি উঠিছে
নৈ পাৰৰ কঁহুৱা বন কি যে মধুৰ আয়োজন।
মানুহে সকলো জানে বুলি
এটা মিছা অহংকাৰত ওফন্দি থাকে। জোখ-মাথ কৰি,
মেপ এটা আঁকি মন পছন্দৰ ঘৰ এটা সাজো
তাতো বহুত সপোন আধৱা হৈ ৰৈ যায়।
অতদিনে দেখা বাৰীৰ কলগছজোপা দেখো
শিল্পী মনৰ অধিকাৰী
মাটিৰ অন্ধকাৰত ৰৈ
শিপাই কেনেকৈ জানিলে
চাৰিওদিশে সমানে মেলি দিছে হাত আলসুৱা
পাতত সিবা-উপসিবাৰে অজস্র জ্যামিতিক
ৰেখা ৰেখাৰ ক'তো কটাকটি নাই আমাৰ আদিম
পুৰুষে য'ত আখৰ লেখাৰ আখৰা কৰিছিল।
মই ভাবো মানুহতকৈও জীয়াই থকাৰ কলা-কৌশল
বেছিকৈয়ে জানে— এই পোক-পতংগ আৰু তৰু-তৃণে
--------গংগামোহন মিলি