Bihu essay in assamese language/বিহু ৰচনা /Assamese language Essay "Bihu"
বিহু
বিহু আনন্দীয় বিহু বিনন্দীয়া
বিহুৰ মৌ-মিঠা মাত;
বিহু বা-লাগি বিহুৱা ককাইৰ ঐ
দেওধনি লাগিছে গাত।
আৰম্ভণি:
সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সুশ্রাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্রবৃত্তি। নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূৰ্ত প্রকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশৰেই নিদর্শন।
আদিম মানৱে সভ্যতাৰ সোপানত এখোজ দুখোজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য-সম্ভাৰ লাভৰ, চিকাৰ লাভৰ, কৃষি কাৰ্যৰ কৃতকার্যতাত, শাৰীৰিক শ্ৰমৰ বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্ৰকাশ কৰিছিল—উচ্চ স্বৰে, অংগ-চালনাৰে। ই আছিল অনুভূতিৰ স্বতঃস্ফূর্ত মূৰ্ত প্ৰকাশ। এই প্রকাশ ব্যক্তিকেন্দ্রিক নহৈ সামূহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয়। বিহুৰ উৎপত্তিও সেই সামাজিক সামূহিক আনন্দ প্ৰকাশৰে ফলশ্রুতি।
বিহুৰ উৎপত্তি:
বিহু নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত। বিষুৱ সংক্রান্তিত বিহু উদযাপিত হয় বাবে বিহুৰ উৎপত্তি বিষুব্ধ শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয়। বহু লোকৰ মতে বড়ো ভাষাৰ বৈখ্যু শব্দৰপৰাহে বিহু শব্দৰ উৎপত্তি। বৈদিক ৱিশ শব্দৰ অর্থ প্রজাসমূহ। প্রজাসমূহে পালন কৰা বাবে ৱিশ শব্দৰপৰা বিশু আৰু বিত্তৰ পৰাই বিহু হোৱাটোও আচৰিত নহয়। কিন্তু বিহু নামৰ উৎপত্তি য'ৰেপৰাই নহওক, বিহু অসমীয়া জাতীয় উৎসব। জাতীয় জীৱনৰ সকলো উচ্ছ্বাস, আশা-আকাংক্ষা, বং-আনন্দ, আৱেগ-অনুভূতি বিহুৰ লগত ওতপ্রোতভাবে জড়িত। অসমীয়া জাতীয় জীৱনত বিহুৰ প্রভাব এক কথাত ক'বলৈ হ'লে বিছৰেই অসমীয়া জাতিৰ প্ৰাণ; অসমীয়া জাতিৰ প্ৰাণৰ প্ৰতিটো স্পন্দন, প্ৰতিটো নিশ্বাস-প্রশ্বাস, প্ৰতিটো অনুভূতি, জীৱনৰ কামনা-বাসনা, আগ্রহ, হেঁপাহ বিহুৰ বুকুতেই চিব প্রবাহিত, চিব প্রতিফলিত হৈ আহিছে। বিহু-গীতৰ সুৰে সুৰে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতা, উদাৰতা, আতিথেয়তা আৰু সৰ্বতোপৰি স্ৰষ্টাৰ অসীম সৌন্দর্যময় সৃষ্টিৰ প্ৰতি অনাবিল ভালপোৱাৰ বাংময় প্রকাশ। বিশ্বৰ লগত অসমীয়া জাতিৰ প্রাণ এনেভাৱে সাঙোৰ খাই আছে যে বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যৰ বৰ মজিয়াখনো উৰুঙা হৈ পৰিব।
কাতি বিহু:
প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জমকীয়া অসমীৰ বুকুৰ বিহুও প্রাকৃতিক পৰিৱেশৰ লগতেই ওতপ্রোতভাবে বিজড়িত। শৰতৰ সুনির্মল বিৰ্ ৰিব্ বা-ৰ মৃদু-মধুৰ পৰশে প্রকৃতিৰ বুকুৰ মনোৰম সেউজীয়া ৰূপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সময়তে আহিনৰ সংক্রান্তিত কাতি বিহু হয়। (সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ ধূলাই ধৰাক বিনন্দীয়া কৰি তোলে। অসমীয়া জাতিয়ে তুলসী তলৰ বন্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ-বাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাস জগতক জনাই দিয়ে। এয়াই কাতি বিহুৰ বিশেষত্ব।
মাঘ বিহু:
পথাৰৰ সোণ বৰণীয়া লখিমী আহি ঘৰ সোমাই অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙাই তোলে আঘোণ-পুহ মাহত। কৃষিকাৰ্যৰ কৃতকাৰ্যতাই অসমীয়াৰ মনলৈ পৰম নিৰ্ভৰতা আৰু গভীৰ প্ৰশান্তি আনি দিয়ে। প্ৰকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই, অনন্ত জনলৈ কৃতজ্ঞতাৰ শৰাই আগবঢ়াই গুৰু-ভকতলৈ ন ধানৰ এমুঠি জা-জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু উদ্যাপন কৰে। পথাৰে পথাৰে মেজিঘৰ সাজি হোম-যজ্ঞ পাতি হুতাশনৰূপী অনন্তজনলৈ শ্রদ্ধা নিবেদন কৰা হয়। এই শ্রদ্ধা নিবেদন কৰোঁতে তলৰ মন্ত্ৰ ফাঁকি গোৱা হয় আৰু তাৰ পাছত আহুতি দিয়া হয়।
অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং।
সুবৰ্ণ-বর্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।
ইয়াৰ পাছত ভোজ-ভাত খোৱা হয়। গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা জলপান খুৱাই আশীর্বাদ লোৱা হয়। ম’হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কাঁড়ী খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভোগালী বিহুৰ ৰং চৰোৱা হয়। বিহুৰ খোৱা-বোৱা, ৰং-ধেমালি, উলহ-মালহ গোটেই মাঘ মাহ জুৰি চলে।
ৰঙালী বিহু:
প্ৰকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে। লঠঙা, গছে গছে, লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে। বসন্তৰ মধুৰ পৰশ লাগি প্রকৃতি ফলে-ফুলে জাতিষ্কাৰ হয়, বিনন্দীয়া হয়।আমে মলিয়ায়, কঁঠালে মুচি পেলায়। কুলি, কেতেকী, মইনা, সখিয়তীৰ মধুৰ কাকলিয়ে প্ৰকৃতিৰ বুকুত তোলে ছন্দৰ মূৰ্চ্ছনা; অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লোল।
প্ৰকৃতিৰ সেই বিপুল পয়োভৰৰ সময়তে চ'তৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু। প্রথমদিনা গৰুৰ বিহু। সেই দিনা গৰুৰ গাত মাহ-হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি গোৱা হয় :
“দীঘলতী দীঘল পাত
মাখি মাৰোঁ জাত জাত
লাউ খা, বেঙেনা খা;
বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু
তই হ’বি বৰ গৰু।”
গধূলি ন-গুণীয়া নতুন পঘাৰে গৰু বান্ধি, ভৰি ধুৱাই, ধূপ-ধূনা জ্বলাই ন-বিচনীৰে বিচি জলপান খুওৱা হয়। মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈ, নতুন উলাবেবে হাল টানি, শস্য উৎপাদন কৰিবৰ কাৰণে সাজু হ'বলৈ গো-পূজা কৰা হয়। দ্বিতীয়দিনাৰপৰা মানুহৰ বিহু। বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নবাগত বছৰটো যাতে কোনো বেমাৰ-বিঘিনি নোহোৱাকৈ, বিপদ-আপদ, বতাহ-ধুমুহা আদিৰপৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ
কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত আঁৰি থোৱা হয় ঃ
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধব।
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্ততে।”
ব'হাগ বিহু ৰঙৰ বিহু, আনন্দৰ বিহু। সীমাহীন আনন্দৰ উলহ-মালহ, উখল-মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ-মুখৰ কৰি তোলে ৰঙালী বিহুৱে। বৰগছৰ তলত, মুকলি পথাৰত ঢোল, পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তোলে বিপুল উলাহ। মন মতলীয়া হয়, গা সাতখন আঠখন কৰি উঠে। বিহু গীতৰ খলকনি উঠে আকাশে-বতাহে, পর্বতে-কন্দৰে। লুইতৰ বুকু উথলি উঠে বিহু গীতৰ সুৰে সুৰে, তালে তালে, ছন্দে ছন্দে মন উৰো উৰো; প্রকৃতি জগতৰ জীৱ-জন্তুৰ বুকুতো উঠে সৃষ্টি কামনাৰ হিল্লোল। গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা। অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছ্বাস, সর্ব অনুভূতি— উন্মুক্তভাৱে, উদ্দাম গতিৰে প্রৱাহিত হয় এই ৰঙালী বিহুত। গাঁৱে-ভূঞে, নগৰে-চহৰে উৎসৱৰ ধূম উঠে। এই বিহুটো অসমীয়া জাতিৰ হাড়ে-হিমজুৱে প্ৰাণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেনেভাৱে বিজড়িত তাক তলব গীতফাঁকিয়ে প্রমাণ কৰে :-
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোঁকৈ চেনেহৰ মাকো;
তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।
বহাগ বিহুৰ আন এটা বিশেষত্ব হুঁচৰি গোৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনিদি ঢোল, পেঁপা, গগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লগতে দহ ভকতক সৎকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাৱজাত ধর্ম তাকেই সোঁৱৰাই দিয়া হয়। সেয়েহে বিহু গীতত কৈছে :
চ’ততে চকৰী ব'হাগত বগৰী
জেঠতে আমনা ধান:
গৰুৰ বিহুৰ দিনাধন শৰাই আগ বঢ়াবা
তেহে পাবা বৈকুণ্ঠত থান।
সামৰণি:
মুঠতে বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাৱে দখল কৰি আছে। সেই বাবেই ই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰৱচ্ছিন্নভাৱে বিজড়িত আছে।