Essay on environment in Assam. "অসমৰ প্ৰাকৃতি" ৰচনা । Assamese essay on environment .
অসমৰ প্ৰাকৃতিক সৌন্দর্য
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে
সেইহে আজি ইমান ফুল প্রভাতে প্রভাতে।”
.
আৰম্ভণি:
সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দর্য-দীপ্ত কুসুমৰ প্ৰস্ফুটিত ৰূপচ্ছটাই প্ৰকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্যৰ জ্যোতির্ময় মেলা পাতি প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্যই মানুহৰ মনোৰাজ্যত আলোড়নৰ সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও হয় সৌন্দৰ্য ৰাজ্যৰ সন্ধানত; তাতেই প্রাকৃতিক বৈচিত্ৰ্যৰ সাৰ্থকতা।
অসম প্ৰকৃতিৰ লীলাকেন্দ্ৰ। প্ৰকৃতিৰ ৰূপ-মাধুৰ্যই মানুহৰ সৌন্দৰ্য-পিপাসু মনক অহোৰাত্ৰি আহ্বান জনায় সুন্দৰৰ সৌন্দৰ্য ৰাজ্যলৈ। প্ৰতি ঋতুৰ আগমনে নৱ নৱ সৌন্দৰ্যৰ ৰূপ-মাধুৰী অসমৰ প্রভৃতিৰ বুকুত ফুলাই তুলি অসমীক নৱ নৱ কাচোনেৰে কাচি বিনন্দীয়া কৰি তোলে।
গ্ৰীষ্মৰ আগমনৰ লগে লগে প্ৰকৃতিৰ সমগ্ৰ বুকুৱেই সেউজীয়া ৰূপ ধাৰণ কৰে। বৰষাৰ লগে যা সম্পূর্ণ সেউজীয়া হৈ উঠি গোটেই দেশখনকে মনোৰম সেউজীয়া ৰূপেৰে সজাই বিতোপন কৰি তোলে। বৰষাৰ জাক জাক মৌচুমীয়ে সমগ্র অসম ছাটি ধৰি তৰু-লতাবোৰক যেন পিয়াহৰ পানী যোগাই গ্ৰীষ্মৰ প্ৰখৰ তাপত দগ্ধ হৈ থকা প্ৰাণলৈ নিবিড় প্রশান্তি আনি দিয়ে। বৰনৈৰ বুকুত, জান-জুৰি, নিজৰাৰ বুকুত বাৰিষাৰ ধল নামে; কল-কল ধ্বনিৰে তীব্র বেগেৰে বৈ যায় নৈবোৰ। লুইতৰ বুকুতো বানউঠে; দুই কুল উপচাই অপাৰ সমুদ্ৰৰ সৃষ্টি কৰি বৈ যায় গুৰু-গম্ভীৰ গতিৰে মহাসাগৰ উদ্দেশ্যি। ৰিণি ৰিণি দেখা যায় দুই পাৰৰ দুৰৰ গাঁওবোৰ, পৰ্বত পাহৰবোৰ; দূৰৰপৰা দেখা যায় যেন নীলা নীলা পাৰিযুক্ত বগা এক সুদীর্ঘ বিস্তীর্ণ চাদৰ মেলি থৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সোঁ-মাজত। এয়া যেন অসমী আইৰ বুকুৰ মনোৰম এক ৰিহাৰ আঁচল; বতাহৰ লহৰে লহৰে উৰি উৰি নাচি-বাগি আইৰ অপৰূপ সৌন্দর্য দুগুণে মনোমোহা কৰি তুলিছে।পাৰৰ খাগৰি, কঁহুৱাই হালি-জালি বঙতে বিভোৰ হৈ যেন মলয়াৰ চোঁৱৰেৰে আইৰ দেহৰ ক্লান্তি দূৰ কৰিছে।
বর্ষা যায়, শৰত আহে। পৃথিৱীলৈ আহে বিব বিব্ মলয়াৰ মৃদুল হিল্লোল। তাৰ পৰশ লাগি পথাৰৰ সেউজীয়া লখিমী হালি-জালি, নাচি-বাগি আনন্দ-বিভোল। বিলৰ বুকুত শাৰদীয় পূর্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাৰ ৰূপালী পৰশত ভেঁটফুলে হাঁহে। ৰাজহাঁহ, কাম, কোঢ়া, শৰালিয়ে দাপোণত মুখ চাই সাঁতুৰি-নাদুৰি ৰঙৰ মেলা সৌন্দর্য্য পাতে সৰসীৰ বুকুত। কেনে হিয়াউতলোৱা, হৃদয়জুৰোৱা, শান্তিৰ অমিয়া ঢলা মনোৰম দৃশ্য এইবোৰ। প্ৰকৃতিৰ বুকুৰ এই মহালীলা চাই চাই প্রকৃতি যেন নিজেই নিশ্চুপ হৈ ৰয়।
জোনাকৰ জেউতিত নিশা শেৱালিয়ে হাঁহিৰে উপচাই তোলে। প্ৰকৃতিৰ বুকু, সৌৰভৰ লালিমা কঢ়িয়াই মলয়াই শান্তিৰ সুবাস ঢালে মানুহৰ অন্তৰত। নিশাৰ অন্তত নিয়ৰৰ মুকুতা সৰা দুধৰিৰ বুকুত শেৱালিৰ সৌন্দৰ্যই বচে তৰাৰ দীপালী। "হাচনাহানাৰ তীব্র গন্ধত সপোন বিভোগ মাধবী নিশা।" ৰজনীগন্ধাৰ মৃদু সৌৰভত উতলা-উন্মনা মানৱ প্ৰাণ। গুণ গুণ ভোমোৰাই বকুলৰ বুকুত তোলে মধুৰ শুগুন। তগৰৰ সৌৰভব মাদকতাত মানুহৰ হৃদয় টলমল, গোলাপৰ মিচিকি হাঁহিত মানৱ প্রাণত উঠে সপোন ৰাজ্যৰ ছন্দময় ভাবৰ উন্মেষ। বনানিব কুঞ্জে কুঞ্জে সুবাসিত কুসুমৰ সৌন্দৰ্যৰ মেলা। ডালে ডালে বিবিধ বিহংগৰ নৃত্যৰ মূৰ্চ্ছনা।
গুৰু-গম্ভীৰ, শান্ত-সমাহিত নৈৰ বুকুত সুনির্মল জলধিৰ মূদুল তৰংগৰ নাচোনৰ খেলা; পাৰে পাৰে সেউজীয়া দুবৰিৰ দলিচাত হৰিণীৰ চঞ্চল গতি: নৈব দাপোণত মুখ চাই তথা লাগি পানী পিয়া হৰিণৰ নীৰৱ, নিশ্চল, শান্ত চাৱনি, জুৰিৰ বুকুত কুলু কুলু সুৰৰ ঝংকাৰ। কেনে মনোৰম, চিত্তাকর্ষক শৰতৰ এই বিনন্দীয়া ৰূপ।
হেমন্ত ঋতুত:
শৰতৰ সৌন্দর্যময় ৰূপৰ ঝলকত হেমন্তৰ বুকুত যেন জ্বলি উঠে হিংসাৰ দাবানল। সৌন্দৰ্যৰ (মোহময়, মায়াময় মানুষৰ বুকুত ধ্বংসৰ নিষ্ঠুৰতা সানি দিবলৈকো হিমব কণাৰে প্ৰকৃতিৰ বুকুত অন্ধকাৰ আৱৰণ তবি দিয়ে প্রকৃতি ধূসব হয়, ধূসৰ হয় শাৰী শাৰী নীলাচল, বিস্তীর্ণ পথাৰত লখিমীয়ে সোণোৱালী সাজোনেৰে সাজে, সোণগুটিবোৰ হিমব আৱৰণেৰে, অৱশৰ হেঙুলীয়া আভাবে মুকুতা হৈ জিলিকি পৰে। হেমন্তৰ আকাশত ৰাজহাঁহ, শৰালিৰ কলধ্বনিৰ কোলাহল। সোণগুটি মাণিকী মধুৰী, জহাৰ মৌ মতলীয়া গোন্ধ। হেমন্তৰ প্ৰকৃতিৰ কি যে এক অলৌকিক খেলা!
শীত কালত:
হেমন্তক হেঁচুকি শীত আহে গোপনে। পথাৰ উৰুঙা হয়, শিমলু লঠঙা হয়। শীতৰ নিষ্ঠুৰ পৰশত তৰু লতাবোৰ উলংগ হয়; নীলাচল বাকলি বসন পৰিধান কৰি ভস্মাচল হয়, নদ-নদী জান-জুৰি
নীৰৱ নিস্তব্ধ হয়; কিন্তু প্ৰকৃতিৰ এই উলংগ ৰূপৰ মাজতো আছে সৌন্দর্যৰ অপূৰ্ব সম্ভাৰ ; শিমলু, পলাশ, মদাৰৰ লঠঙা ৰূপত জিলিকে ৰক্ত পুষ্পদল, শৰতৰ আকাশৰ শুধু বগা চমক চমক ডাৱৰৰ দৰেই লঠঙা গছৰ ডালত জাক জাক কুঁৱলীৰ লুকা-ভাকু, ডুমুকা-ভূমুক। বৰফৰ বিন্দু বিন্দু কণিকাই হিমালয়ৰ বুকুত হোলী খেলাৰ দৰেই শীতৰ কুঁৱলীয়ে গছৰ ডালত হোলী খেলে।
বসন্ত কালত:
শীত শেষ হয়; বসন্ত আহে। মধু বসন্তৰ শুভাগমনৰ অগ্রদূত কুলি, কেতেকী, মইনা, সখিয়তি, দহিকতৰাৰ ডালে ডালে মধুৰ কাকলি, অস্ফুট কুজন, নৃত্যৰ মূৰ্চ্ছনাৰ লগে লগে শীতৰ হেঁচাত উলংগ হৈ থকা তৰু, লতা, তৃণৰ আগত জিলিকি উঠে কোমল কোমল কুঁহিপাত; পল্লবিত হয় সমস্ত উদ্ভিজ্জগত। আমে মলিয়ায়, কঁঠালে মুচি পেলায়; পলাশ, পাৰলি, অশোক, নাগেশ্বৰ, চম্পা, শিৰীষ, সেউতী, জাতি-যুতি, কৃষ্ণা চূড়া আদি বিভিন্ন কুসুমৰাজি মঞ্জৰিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই জাতিষ্কাৰ কৰি তোলে। মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া, প্ৰাণ মতলীয়া কৰি তোলে; ডালে ডালে কপৌ ফুল জিলিকি উঠে; কেতেকীৰ মৌ-মতলীয়া সুৰভিয়ে, চম্পাৰ সৌৰভে মানবৰ মনকুঞ্জত যৌৱনৰ লালিমা সানি দিয়ে। বসন্তৰ মধুৰ পৰশত সমগ্ৰ অসম এখনি মনোৰম কুঞ্জ কানমত পৰিণত হয়, য'ত চিব প্রস্ফুটিত চিৰ-কুসুমিত হয় হাজাৰ হাজাৰ ফুল; যিফালে দৃষ্টি যায়, সেইফালেই ফুল, কেৱল ফুল। সেয়েহে জ্যোতিপ্ৰসাদৰ ভাষাত—
“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে
সেইহে আজি ইমান ফুল প্রভাতে প্রভাতে।”
নতুবা— “গছে গছে পাতি দিলে ফুলৰে শৰাই
কি ৰাম ৰাম ফুলৰে শৰাই..........”