Flood in Assam essay in Assamese language / অসমৰ বানপানীৰ ওপৰত ৰচনা / Assamese language essay Flood of Assam

অসমৰ বানপানীৰ ওপৰত ৰচনা / Assam flood essay in Assam language / Assamese language essay Flood of Assam

 আৰম্ভণি : 

সুজলা-সুফলা, শস্য-শ্যামলা মলয়জ-শীতলা, গিৰিমালা-বিনন্দিতা, ৰম্যভূমি অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সোণ গজায়, সোণ ফলায়। কেঁচা সোণ, বগা সোণ, ক'লা সোণেৰে অসম ঐশ্বর্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সোণ আৰু সোণ। এই সোণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বর্যশালী হৈছিল। কিন্তু “তেহি নো দিৱসা গতাঃ"। আজি সোৱণশিৰীৰ বুকুৰ সোণ ঢেঁকুৰা কোনে বুটলিব? মানে অসমীয়া জাতিৰ কঁকাল ভাগিলে; ইংৰাজে সোণৰ ভাণ্ডাৰ লুটি উদং কৰিলে; অসমীয়া জাতি ধোদৰ বংশধৰ। বিদেশীয়ে অসমৰ বুকুৰ সোণ বুটলি লুটি নিছে। আজিৰ অসমীয়াই নিৰ্জীৱ সৰীসৃপৰ কংকাল লৈ নিঃসহায়ভাবে ভেবা লাগি চাই আছে।

নদীমাতৃক অসমভূমিত "সকলো আছিল, সকলো আছে" কিন্তু একোৱেই নাই। ভাগ্যব বিপর্যয়। এই বিপর্যয় কোনে ঘটালে? তাৰ উত্তৰ— নদীয়ে। নদীয়ে অসমক মুজলা-সুফলা, শস্য শ্যামলা কৰি, অসমৰ বুকুত সোণ গজাই জগতৰ ঈৰ্ষাৰ পাত্ৰ কৰি তুলিছিল, আজি পুতৌৰ পাত্ৰ কৰি তুলিছে, অমোঘা গর্ভসম্ভূত, শাক্তনু-কুল-নন্দন ব্রহ্মপুত্ৰৰ কুটিল দৃষ্টিয়ে অসমক জোলোকা জোলোকে পানী খুৱাই, জীর্ণ-শীর্ণ কৰি তুলিছে।  চিৰদিন অসমৰ কল্যাণকামী, হিত-সাধনকাৰী লুইতৰ বলিয়া বানে অসমৰ বুকুত প্ৰলয়ৰ সৃষ্টি কৰিছে। বানপানীৰ কাৰণ বানপানীৰ কাৰণ: চিৰদিন পানীৰে পৰিপুষ্ট লুইত আৰু ইয়াৰ উপনৈসমূহ বাৰিষা মৌচুমীয়ে বৰষি যোৱা প্ৰচুৰ জলধাৰাই ওফন্দাই তুলি বুৰঞ্জী-বিস্মৃত যুগৰেপৰা অসমত বানপানীৰ সৃষ্টি কৰি আহিছে। লুইত আৰু উপনৈবোৰৰ বগা পানীয়ে চিৰদিন অসম মাতৃৰ চৰণ ধুৱাই আহিছে আৰু ভৈয়ামৰ শস্যবোৰক খাদ্য-সম্ভাৰ যোগাই সেউজীয়া পথাৰৰ বুকুত সোণ-গুটি ফলাই আহিছে। কিন্তু কালৰ চকৰি ঘুৰে। চক্ৰৱৎ পৰিৱৰ্তন্তে সুখানি চ দুঃখানি চ। আজিৰ অসমৰ বৰনৈ উপনৈৰ বানে সোণ গুটি নফলায়; ধ্বংস কৰে। কুৰি শতিকাৰ সভ্যতাৰ যুগৰ বিজ্ঞানী মানুহে ধৰাৰ  বুকুত সৃষ্টিৰ পাতনি মেলিছে, আৰু প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰি সংহৰণ কৰিছে।

বানপানীয়ে কৰা অপকাৰ: 

অসমৰ ইতিহাসত অসমে পোন প্ৰথমবাৰৰ বাবে ১৯৩৪ চনত নগাঁও জিলাত কপিলীৰ প্ৰলয়ংকৰী বলিয়া বানৰ নিষ্ঠুৰ আঘাত অনুভৱ কৰে। সেই বানে নগাঁও জিলাৰ মধ্য আৰু পশ্চিম খণ্ডত প্ৰলয়ৰ সৃষ্টি কৰি, ৰাস্তা-ঘাট দলং আদি উৎখাত কবি, পথাৰৰ লহপহকৈ বাঢ়ি অহা, হালি-জালি ৰঙত ব্যাকুল সেউজী শস্যবোৰ সমূলঞ্চে বিনাশ কৰি হাজাৰ হাজাৰ

মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পদ, গৰু-ম'হ, প্রবল সোঁতৰ বুকুত বিলীন কৰি দি মানুহক জলকুঁৱৰীৰ নিষ্ঠুৰ কবলত এৰি দি তাণ্ডৱ নৃত্যৰে নাচিছিল। মানুহৰ অলক্ষিতে, অতি আচম্বিতে দুপৰ নিশা বলিয়া বানে নগাঁও জিলাৰ বুকুত মহাসিন্ধুৰ সৃষ্টি কৰি কিমান মানুহ, জীৱ-জন্তুক কালৰ বুকুত বিলীন কৰি দিলে তাৰ খতিয়ান সম্ভৱতঃ চিত্রগুপ্তৰ খাতাতহে পোৱা যাব। তাৰ পাছত কিছুদিন নিবিড় নীৰৱতা। প্রলয় নাচোন নাচি নাচি ক্লান্ত হৈ যেন কপিলী, লুইত মহানিদ্ৰাত নিমগ্ন হ'ল।

কিন্তু কালে সাৰ পালে, অমানিশাই সাৰ পালে; মহাকালে বিশাল দুই বাহু প্ৰসাৰিত কৰি কৰাল গ্রাসেৰে অসমীক সাবটি ধৰিলে। ১৯৫০ চনৰ আগষ্ট মাহত কোনোব্য অনামা, অজানা উৎসৰপৰা সৃষ্টি হোৱা প্ৰলয়ৰ প্ৰতিমূর্তি বৰভূঁইকঁপে মহাকালক তাণ্ডৱ নৃত্যবে নচুৱালে। লুইতৰ বুকুত, তাৰ চঞ্চলা-চাপলা, লাস্যময়ী জীয়াৰীবিলাকৰ বুকুত সেই তাণ্ডৱ নৃত্যই তুলিলে উর্মিমালাৰ সৰ্বগ্রাসী জোৱাৰ। সেই জোৱাৰে অসম ধুই ৰিক্ত কৰিলে। অসমৰ সেউজী বুকু উদং হ'ল। ঘাঁহ-বন এডালো বাকী নব’ল। মানুহ মৰিল, জীৱ-জন্তু মৰিল; অসম মৰিশালি হ’ল। সোৱণশিৰিৰ বুকুৰ, লুইতৰ বুকুৰ দুই পাৰৰ সোণ ঢেঁকুৰা উটি গ'ল।

    সিদিনাৰেপৰা লুইত বলিয়া হ'ল, সোৱণশিৰি বলিয়া হ'ল, আৰু বলিয়া হ’ল হাজাৰ বিজাৰ স্রোতস্বিনী   উত্তৰত ডিব্ৰুৎ, ৰঙানৈ, সোৱণশিৰি, বৰনৈ, ভবলী, পাগলাদিয়া, ঢেঁকী, কালদিয়া, বৰলীয়া, চাউলখোৱা,   মানাহ, চম্পাৱতী, সবলভঙা, আইনদী, সোণকোষ দক্ষিণ পাৰত লোহিত, ডিহিং, দিচাং, দিখৌ, জাঁজী,   ভোগদৈ, ধনশিৰী, কপিলী, দিগাৰু, কলহী, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি সকলোবোৰ উপনৈ বলিয়া   হৈছে। সুৰৰ্মা আৰু বৰাকো বলিয়া হৈছে। অতীতৰ শান্ত, সমাহিত, তৃষ্ণা-নিবাৰণী জলদাদেৱীসকলে তীব্র  সোঁতেৰে, প্রবল প্রতাপেৰে বছৰে বছৰে অসমৰ বুকুত প্লাৱনৰ সৃষ্টি কৰি অসমক যেন বিশ্বৰ বুকুৰপৰা নিশ্চিহ্ন কৰি দিবলৈ প্ৰয়াস পাইছে। শদিয়া কালৰ বুকুত বিলীন হৈছে। ডিব্ৰুগড়ৰ মাজ, মজিয়াত লুইতৰ টিঘিল-ঘিলনি; পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ, অসমৰ কৃষ্টি সংস্কৃতিৰ লাইখুটা মাজুলী লুইতৰ গৰ্ভত শুই পৰিছে। পলাশবাৰীয়ে বাৰিধিৰ বুকুত মুখ লুকুৱালে। অসম উপত্যকা, বৰাক উপত্যকাৰ কিমান ঠাই যে প্লাৱনৰ কীৰ্তিত্তম্ভ হৈ স্মৃতিপটত অদৃশ্য হৈ গৈছে। প্রতি বছৰে লাখ লাখ টকাৰ শসা নষ্ট হৈছে; হাজাৰ হাজাৰ গৰুম'হ উটি গৈছে; মানুহৰো প্ৰাণহানি হৈছে। অতি সম্প্রতি বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ২০১৬ চনৰ আগষ্ট মাহত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ বানে ৰাজ্যখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি করে। গোটেই অসমখনেই বানৰ পানীত বুৰ যায়। পথ যোগাযোগ, ৰেল যোগাযোগ বিচ্ছিন্ন হৈ যায়। বৰাক উপত্যকাতো একেই পৰিস্থিতিৰ সৃষ্টি হয়। ফলত গোটেই ৰাজ্যখনেই স্থবিৰ হৈ পৰে। লাখ লাখ মানুহ গৃহহীন হৈ শিবিৰত আশ্রয় ল'বলগা হয়। গৰু, ম'হ, আৰু অন্যান্য জীৱ-জন্তু বানৰ পানীত উটি যায়। ঘৰ-দুৱাৰ ধ্বংস হয়। বহু মানুহ মৃত্যুমুখত পৰিবলগা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বহু ঠাইত পানী উঠাৰ ফলস্বৰূপে পথ যোগাযোগ ব্যবস্থা ব্যাহত হয়।

 ৰাজাৰ অৰ্থনীতিত এনেধৰণৰ বানে অত্যন্ত ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে। সেয়ে ৰাজ্য চৰকাৰে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু কিমান দিন যে কালে অসমৰ বুকুত দুৰ্যোগৰ সৃষ্টি কৰি অসমীয়া জাতিৰ ৰাজহাড় পোনাব নোৱৰা কৰি, অসমীয়াক অকাল জাগ্রস্ত কৰি ৰাখিব কোনে জানে?



নিয়ন্ত্ৰণৰ উপায়: 

মানুহে মহাকাশ জয় কৰি চন্দ্ৰৰ বুকুতো গৌৰৱ-ধ্বজা উৰুৱাইছে। অন্যান্য গ্রহৰ বুকুলৈকো মহাকাশযান নিক্ষেপ কৰি মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব খুজিছে। কিন্তু মানুহৰ প্ৰজ্ঞাক, মনীষাক প্রত্যাহ্বান জনাই প্রকৃতি চিৰদিন অপৰাজিতা হৈ, উন্নত শিৰেবেই ৰৈছে। প্ৰকৃতিৰ ওচৰত মানুহে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। তথাপি মানুহৰ প্ৰতিভাৰ উৎকৰ্ষই কোনো কোনো ক্ষেত্ৰত প্রকৃতিৰ দুর্দম শক্তিক নিয়ন্ত্রণ কৰিবলৈ সামান্য পৰিমাণে হলেও সক্ষম হৈছে। আমেৰিকাই বিশ্ব-বিখ্যাত “টেনেচি ভেলী প্রজেক্ট”ৰ যোগে দুর্দমনীয়, সর্বধ্বংসকাৰী টেনেচি নদীক নিয়ন্ত্রণ কৰি তাৰ সৰ্বধ্বংসী শক্তিক মানুহৰ কল্যাণৰ কামত প্ৰয়োগ কৰিছে। “চীনৰ দুখ” নামে অভিহিত হোৱা হোৱাংহো নদীকো নিয়ন্ত্ৰণ কৰি তাৰ শক্তি চীনৰ জনতাৰ কল্যাণত খটুৱাই দেশৰ অশেষ উপকাৰ সাধন কৰিছে। ভাৰততো নদী উপত্যকা আচনি গ্ৰহণ কৰি দামোদৰ ভেলী প্রজেক্ট, ভাক্তা-নাংগল প্রজেক্ট আৰু অন্যান্য নৈ-উপনৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি মীন-মহল খোলা হৈছে। পথাৰত পানী যোগান কৰা হৈছে, জলাধাৰ তৈয়াৰ কৰি মীন-মহল থোল হৈছে। অসমৰো গেৰুকামুখত বৃহৎ নদীবান্ধ প্রকল্প আৰম্ভ কৰিছে। অৱশ্যে কেতিয়ালৈ এই বান্ধৰ পৰা উপকাৰ হ’ব সেইয়া এতিয়া থিৰাং কৰিব পৰা নাযায়। কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি আওকণীয়া, অমনোযোগী মনোভাব, অৱহেলাৰ কাৰণে এতিয়াও অসমৰ প্ৰতি আওকণীয়া, অমনোযোগী মনোভাব, অৱহেলাৰ কাৰণে এতিয়াও অসমৰ নৈ-উপনৈসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা হোৱা নাই। অথচ এই নদ-নদীবোৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা হ'লে প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ'ব আৰু বানপানীৰ কৰাল গ্ৰাসৰপৰাও অসমে মুক্তি পাব। অসমৰ তীব্ৰবেগী নৈবোৰৰপৰা কম আয়াসতে যিমান পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ’ব, তাৰ সহায়তে সমগ্ৰ ভাৰতৰ কল-কাৰখানা চলিব আৰু ভাৰত কৃত্রিম জোনালীৰে উদ্ভাসিত হৈ উঠিব। আনহাতেদি বানপানীৰ কৰাল গ্ৰাসৰপৰা মুক্ত অসম পুনৰ সুজলা-সুফলা, শস্য-শ্যামলা হ'ব।


কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা: 

অসম ভাৰতৰ সতিনীৰ পয়ালগা দুহিতা নেকি, যাৰ কাৰণে অসম সদায় কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আহিছে; অথচ অসমৰ সোণবোৰ কাঢ়ি নি অন্য ৰাজ্য সোণ-সুৱগা কৰি তুলিছে। ১৯৬২ চনত চীনা আক্ৰমণৰ বিপৰ্যয়ৰ বুকুত অসমক জলাঞ্জলি দি তাহানিৰ প্রধানমন্ত্রী নেহৰুৱে "Oh Assam" – “বিদায় অসম” বুলি ঘৰিয়ালৰ চকুপানী টুকিছিল। আজিৰ নেতাসকলেও বাৰিষা লুইত আৰু ইয়াৰ উপনেবিলাকৰ প্রলয়ঙ্কৰী তাণ্ডৱ লীলা চাবলৈ বিমানত চৰি আহি বিহংগম দৃষ্টি (Bird's Eye View) প্ৰসাৰি সহানুভূতিৰ “আই ঐ দেহি” – একেষাৰ শুনোৱাই অসমীয়াৰ ক্ষুধাৰ, তৃষ্ণাৰ জ্বালা উপশম ঘটাই থৈ যায়। বছবি একোবাৰকৈ! অসম অকাল কুষ্মাণ্ড; কান্দির নাজানে। সেয়েহে কল নাপায়।

মন্তব্য: 

সেইবাবে আনৰ চেপা-খুন্দা খাই, বানপানীত উটি-বুৰি, মৰি-হাজি যিকেইটা অসমীয়া কলখোৱা ধাতুলৈ    বাচি আছো— সেইকেইটাই এক হৈ ঐক্য শক্তিৰে বৰ লুইতক, সৰু লুইতক ভেটিবলৈ কঁকালত টঙালি বান্ধি ওলাওঁহঁক। অসমৰ সোণ ঢেঁকুৰা কাকো বুটলিবলৈ এৰি নিদি তাৰ আৰ্জনেবে লুইতক ভেটিবলৈ বৰ বৰ যন্ত্রপাতি কিনি আনো; বৃহৎ বৃহৎ জলাধাৰ, জলাশয় নির্মাণ কৰি অতিৰিক্ত পানীখিনি জমা কৰি থৈ পথাৰলৈ নি সোণৰ মাটিক সোণ গজাওঁ; নৈয়ে নৈয়ে ভেটা দি বিজুলীক ধৰি আনি, বৰ বৰ কাৰখানা-পাতি চলাওঁ; শিল্পৰ বৰঘৰ সাজোঁ, অসমক সোণেৰে সজাওঁ; প্লাৱনক প্ৰকৃতিৰ বুকুত বিলুপ্তি ঘটাওঁ।