class 10 social science history chapter 2 question answer in Assamese medium.
মহাত্মা গান্ধী আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰাম
অতি চমু প্ৰশ্নোত্তৰ-
১) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উত্তৰ ÷ ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল।
২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল?
উত্তৰ ÷ দক্ষিণ আফ্ৰিকাত।
৩) ৰবীন্দ্ৰ নাথ ঠাকুৰে কিয় “নাইট ” উপাধি ত্যাগ কৰিছিল?
উত্তৰ ÷ জলিৱানবালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰ নাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ” নাইট” উপাধি ত্যাগ কৰিছিল।
৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
উত্তৰ ÷ মৌলনা চৌকত আলি , মহম্মদ আলি আৰু মহাত্মা গান্ধীৰ নেতৃত্বত।
৫) চৌৰী চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ ÷ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত ।
৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰ ÷ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত গঠন হোৱা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয় ভাৱে লাঠি চালনা কৰে , যত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে।
৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
উত্তৰ ÷ ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।
৮) গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিব সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু জাতিৰ মাজত দূৰত্ব কিমান ?
উত্তৰ ÷ ৩৮৫ কি. মি.।
৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায়?
উত্তৰ ÷ খান আব্দুল গফুৰ খানক।
১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘুৰণীয়া মেজমেল ত কেনে কংগ্ৰেছক একক ভাৱে প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ ÷ মহাত্মা গান্ধীয়ে।
১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনৰ নাম কি আছিল?
উত্তৰ ÷ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ড ।
১২) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ ÷ নেতাজী সুভাষচন্দ্ৰ বসু।
১৩) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ” কৰিম কিম্বা মৰিম ” শ্লোগান দিছিল ?
উত্তৰ ÷ ভাৰত ত্যাগ আন্দোলনত।
১৪) ” মোক তেজ দিয়া , মই তোমালোকক স্বাধীনতা দিম ‘ এই বিখ্যাত বাণী টো কোন ভাৰতীয় নেতাৰ আছিল ?
উত্তৰ ÷ সুভাষ চন্দ্ৰ বসুৰ।
১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা ক কি নামেৰে জনা যায়?
উত্তৰ ÷ ৰেডক্লিফ ৰেখা ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১) সত্যাগ্ৰহ বুলিলে কি বুজা ?যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহ ক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটা বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ।
উত্তৰ ÷ গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ হৈছে ” সত্যৰ প্ৰতি আগ্ৰহ ” অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা । তেওঁৰ মতে সত্যাগ্ৰহ কেৱল এক একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হল – জনতাই গভীৰভাৱে নেৰেনেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা । সত্যাগ্ৰহৰ ভিত্তি হল অহিংসা ।
‘ সত্যাগ্ৰহ ‘ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল । দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মজীৱন এ তেঁওক এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰি তুলিছিল। সেয়েহে তেওঁ ১৯১৫ চনত ভাৰতলৈ উভতি আহিছিল । ১৯১৭-১৮ চনত গান্ধীজীয়ে তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত সত্যাগ্ৰহ ক প্ৰথমতে প্ৰয়োগ কৰিছিল। সেই বিবাদ কেইটা হল —
ক) উত্তৰ বিহাৰৰ চম্পা ৰণত তেওঁ ভূ – স্বামী সকলৰ বিপক্ষে সাধাৰণ কৃষক সকলক নেতৃত্ব প্ৰদান কৰিছিল।
খ) গুজৰাটৰ খেড়াত কৃষক সকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল।
গ ) আহমেদাবাদত বঞ্চিত হোৱা মিল শ্ৰমিক সকলৰ হৈ মিল মালিক সকলৰ বিপক্ষে থিয় দিছিল।
এই প্ৰতিটো কাৰ্যসূচী তে গান্ধীজীয়ে ‘ সত্যাগ্ৰহ ‘ ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল । যত আদৰ্শ আছিল সত্য আৰু অহিংসা।
২) ভাৰতত খিলাফিৎ আন্দোলন কিয় আৰম্ভ হৈছিল? চমুকৈ লিখা
উত্তৰ ÷ প্ৰথম বিশ্বযুদ্ধত তুৰ্কী সকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব কমি গৈছিল। খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰ ৰ ওপৰত অধিকাৰ হেৰুৱাত মুচলমানসকলে উত্তেজিত হৈ পৰিছিল। সেয়েহে মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল । এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যদা লৈ ঘূৰাই অনা।
ভাৰত বৰ্ষটো ইছলাম ধৰ্মালম্বী লোক সকল ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। তেওঁ লোকে খলিফাৰ পদ – মৰ্যদাৰ ক্ষতি সাধন কৰাৰ প্ৰতিকাৰ হিচাপে ভাৰতবৰ্ষত কেন্দ্ৰীয় খিলাফৎ সমিতি গঠন কৰা হৈছিল। সেই সুযোগতে গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু মুচলমানক ঐক্যবদ্ধ কৰিবলৈ খিলাফৎ আন্দোলন আৰম্ভ কৰে। এই আন্দোলনৰ মহাত্মা গান্ধী,মতিলাল নেহৰু,মদন মালব্য আদি আগশাৰীৰ নেতাসকলে প্ৰত্যক্ষ ভূমিকা লৈছিল।
৩) ১৯২০- ২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?
উত্তৰ ÷ অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ভাৰতবৰ্ষৰ প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন আছিল। এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা লৈছিল। আন্দোলনকাৰী সকলে ব্ৰিটিছৰ সামগ্ৰী কিনিবলৈ অমান্তি হৈছিল আৰু থলুৱা কুটিৰ শিল্পৰ সামগ্ৰী হে ব্যৱহাৰ কৰিছিল । তেওঁ লোকে সুৰাৰ বিপনী সমূহ বন্ধ কৰিছিল। এই আন্দোলন ৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যদা আৰু অখণ্ডতা শান্তিপূৰ্ণ ভাৱে অটুট ৰখা । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এই টোৱেই প্ৰথম সৰ্ববৃহৎ আন্দোলন আছিল।
অসহযোগ আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল ৰাওলাট আইন ,জলিৱনবালাবাগৰ নৰ হত্যা আৰু তুৰস্কৰ সমস্যা । ব্ৰিটিছ আইন আদালত ,শিক্ষানুষ্ঠান , নিৰ্বাচন, চৰকাৰী কাৰ্যসূচী আদি বৰ্জন আৰু শিক্ষাৰ জাতীয় কৰণ , স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ , খাদীৰ ব্যৱহাৰ আদিৰ মাজেৰে গান্ধীয়ে অসহযোগ আন্দোলন টোক নেতৃত্ব দিছিল।অসহযোগ আন্দোলনৰ কাৰ্যসূচী সমূহক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেই কেইটা হৈছে —-
ক) গঠনমূলক আৰু
খ) ধ্বংস মূলক ।
ক) গঠনমূলক কাৰ্যসূচীৰ ভিতৰত আছিল — শিক্ষাৰ জাতীয় কৰণ, স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ, যতৰ আৰু খাদী ব্যৱহাৰ , যঁতৰত সূতা কটা , সেৱাদলৰ ভৰ্তি আৰু তিলক স্বাৰাজ ভঁৰালৰ বাবে পুঁজি সংগ্ৰহ কৰা।
খ) ধ্বংস মূলক ভিতৰত আছিল — ব্ৰিটিছ আইন আদালত বৰ্জন কৰা , ব্ৰিটিছ শিক্ষানুষ্ঠান বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বৰ্জন কৰা , চৰকাৰী কাৰ্যসূচী উৎসৱ বৰ্জন কৰা , ব্ৰিটিছ পণ্য বৰ্জন কৰা আদি।পুলিচ নিৰ্যাতন ত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰী চৌৰাৰ কৃষক সকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ পুলিচ চকী এটা জ্বলাই পুৰি পেলাইছিল। সেই পুলিচ চকী টোত জমাদাৰ আৰু দাৰোগা সহ প্ৰায় ১৮ ৰপৰা ২২ জন মান পুলিচ কৰ্মী অগ্নি দগ্ধ হৈ মৃত্যুমুখত পৰিছিল। অসহযোগ আন্দোলন টো গান্ধীয়ে অহিংসা পন্থাৰে চলাটো বিচাৰিছিল।গতিকে আন্দোলনে চৌৰী চৌৰাত হিংসাৰ পথ লোৱাত ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বৰ দিলীৰ পৰা আন্দোলন স্থগিত ৰখাৰ ঘোষণা কৰি আন্দোলন বন্ধ কৰিছিল।
প্রশ্ন ৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি ছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ? [HSLC.’18]
উত্তৰ – আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা গঠিত ছাইমন কমিছনৰ বিৰােধিতা ৰা। এই কমিছনত অকল ব্রিটিছ সংসদ সদস্যকহে অন্তর্ভুক্ত কৰা হৈছিল। বাজনৈতিক দল আৰু সামাজিক সংগঠনবােৰে ভাৰতীয় প্রতিনিধি নথকা বাবে ইয়াক গ্ৰহণ কৰা নাছিল। এই কমিছনৰ প্রতিবাদ স্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰীত বংগদেশত এক হৰাল আৰম্ভ হৈছিল। ছাইমন কলিকতাত উপস্থিত হােৱাত বিভিন্ন প্রতিবাদৰ সন্মুখীন হৈছিল। তেনে পৰিস্থিতিত মতিলাল নেহৰুক ভাৰৰ বাবে এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব পণ কৰা হৈছিল। ভাৰতীয় কংগ্ৰেছৰ প্রতিবেদনখন গ্ৰহণ কৰিছিল আৰু চৰকাৰক এই প্রতিবেদনখন গ্ৰহণ কৰিবলৈ হেঁচা প্রয়োগ কৰিছিল। ১৯২৮ চনত কলিকতাত বহু কংগ্ৰেছ জাধিৱেশনত ব্রিটিছ চৰকাৰক দি কৈছিল সকীয়নি যদি ভাৰতক ডুমিনিয়ান ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন
গঢ়ি তােলা হ’ব। আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল—-
(ক) ভাৰতীয় প্রতিনিধি সকলক ছাইমন কমিছনত আন্তর্ভুক্ত করা,
(খ) মণ্টেগাে ছেমছফর্ড সংস্কাৰ নীতি অনুসৰণ কৰা,
(গ) আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হােৱা প্ৰথমখন ঘূৰণীয়া মােজাম্মেল
কংগ্ৰেছে বর্জন কৰিছিল।
(ঘ) নিজৰ দেশ আৰ দেশৰ নানা প্রান্ত লােণ অাইন ভংগ কৰা ।
(ঙ) দেশত পূর্ণ স্বাধীনতা লাভ কৰা।
প্রশ্ন ৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সুচনা হৈছিল ? ভাৰতৰ স্বাধীনতাসংগ্ৰামত এই আন্দোলনৰ কাৰ্যসুচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খােজেনে? তােমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া।
উত্তৰ = ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণী হৈছিল। এই যুদ্ধত মহাত্মাগান্ধী আৰু জৱাহৰলাল নেহৰুৱে সম্পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্রিটিছক যুদ্ধত সহায়বলাৰ প্রতিশ্রুতি দিছিল। কিন্তু ব্রিটিছে তেওঁলােকৰপ্ৰস্তাৱটো গ্ৰহণ নকৰিলে। সেইসময়ত ব্রিটেইনত সকলাে দলেৰে সন্মিলিত চবকা ছিল। যাব শ্রমিক দলৰ সদস্য সকলে ভাৰতীয়সকলৰ দাবীসমূহৰ প্রতি সহানুভূতি দেখুৱাইছিল। ১৯৪২ চনত প্রধানমন্ত্রী উইনস্টন চার্চিলে তেওঁৰ মন্ত্রীসভাৰ এজন মন্ত্রী ছাৰ ষ্টাফঙ ক্রিপক ভাৰতলৈ পঠিয়ায়। তেওঁক ভাৰতলৈ পঠিওৱা মূল উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমুহৰ লগত আলােচনা কৰি ইউৰােপত চলি থকা যুদ্ধত ব্রিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমাহনি লাভ কৰা। ক্রিপছৰ প্রস্তাৱত যুদ্ধৰ শেষত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ বাবে পৃথক সংবিধান প্রণয়ন অধিক প্ৰদান কৰা হ’ব বুলি ঘােষণা কৰা হৈছিল। কিন্তু অরশেষত পিছৰ মিছল ব্যর্থ হৈছিল। উপায়হীন হৈ এনে পৰিস্থিতিত গান্ধীয়ে বিট্ৰিছৰ বিৰুদ্ধে “ভাৰত ত্যাগ আন্দোলনৰ সুচনা কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাৰত ভাগ দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি। কাৰণ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূর্ত অংশগ্রহণে আন্দোলনক এক নতুন মাত্রা প্রদান কৰিছিল। ছাত্র, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই আন্দোলনৰ পাছত স্বাধীনতা দামৰ বিষয় হৈ থকা নাছিল।